NORTHEAST NOW (Assamese)
অসম

শিলচৰত সিদ্ধু।। “১ নম্বৰৰ মিছলীয়া” মোদীক ওফৰাবলৈ আহ্বান

Posted by: অপৰ্ণা লস্কৰ April 12, 2019 10:56 pm
Assam: Overthrow Modi govt, Sidhu appeals to people at Silchar

প্ৰধান মন্ত্ৰী মোদীক “১ নম্বৰ মিছলীয়া” বুলি অভিহিত কৰি বিজেপি চৰকাৰক ওফৰাবলৈ আহ্বান জনাইছে শিলচৰত কংগ্ৰেছৰ প্ৰচাৰ চলাবলৈ অহা পঞ্জাবৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নভজোত সিং সিদ্ধুৱে।

বিদেশৰ বেংকত জমা থকা ভাৰতীয় ক’লা টকা দেশলৈ আনি দৰিদ্ৰ লোকৰ বেংক একাউণ্টত ১৫লাখকৈ ভগাই দিয়াৰ ‘‘মোদী প্ৰতিশ্ৰুতি”ৰ উল্লেখেৰে এই মন্তব্য কৰিছে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকজনে।

“না ক’লা টকা ঘূৰাই আনি দুখীয়া লোকৰ একাউণ্টত ১৫লাখকৈ দিলে না ডেকা ল’ৰা-ছোৱালীক বছৰি ২কোটি চাকৰি দিলে। আপোনালোকে দেখিছে কংগ্ৰেছে দেশক চাৰিজন গান্ধী দিছে—মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু এতিয়া ৰাহুল গান্ধী, আৰু সেইদৰে আামি পালো তিনিজন মোদী। নীৰৱ মোদী, ললিত মোদী আৰু শেষৰজন নৰেন্দ্ৰ মোদী— যি আটাইতকৈ বেছি মিছলীয়া,” শিলচৰৰ ইতাখোলাত প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ বিশাল নিৰ্বাচনী সভাত এই মোদীক এই আক্ৰমণ সিদ্ধুৰ।

নিজৰ ২২ মিনিটজোৰা ভাষণত কেইবাটাও চায়েৰিৰেও উপস্থিত ৰাইজক আমোদ দিয়ে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰজনে।

দেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব লগা শিলচৰত অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।