NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচনত বিজেপি বিৰোধী স্পষ্ট স্থিতি ঘোষণা আছুৰ

November 10, 2018 6:17 pm · অভীক চক্ৰবৰ্তী, পাৰ্শ্বজ্যোতি গগৈ, ৰিনয় বসুমতাৰী
Updated: November 10, 2018 8:31 pm
প্ৰতীক আছুৰ।

খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতাক অসন্মান কৰি নাগৰিকত্ব বিধেয়কৰ প্ৰতি সমৰ্থন অব্যাহত ৰখা শাসক দল বিজেপিৰ বিৰুদ্ধে অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱস্থান ল’ব আছুৱে।

বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে আছু আৰু ২৮টা সংগঠনে শনিবাৰে ৰাজ্যজুৰি কৰা প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত সংগঠনটোৰ এই স্থিতি ঘোষণা কৰিছে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল গগৈয়ে।

“আমি আসন্ন পঞ্চায়ত নিৰ্বাচনত তেওঁলোকক উচিত শিক্ষা দিম, কাৰণ তেওঁলোকে অসমীয়া মানুহৰ আৱেগৰ সৈতে খেলা কৰিছে। আমি নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবী জনাইছো, কাৰণ বিধেয়কখন অসমীয়া-বিৰোধী,” ডিব্ৰুগড়ত আছুসহ সংগঠনকেইটাৰ ঐক্যবদ্ধ প্ৰতিবাদত এই ঘোষণা গগৈৰ। হিন্দু বাংলাদেশীক অসমলৈ অনাৰ বাবে চৰকাৰৰ পৰিকল্পনা ‘অসহ্যকৰ’ বুলিও মন্তব্য কৰিছে আছু নেতাগৰাকীয়ে।

যোৱা ৮ নৱেম্বৰত ‘জাতিধ্বংসী’ বিধেয়ক বিৰোধিতাত বিশাল প্ৰতিবাদেৰে ৰাজধানী দিচপুৰ কঁপাই তোলাৰ পিছত শনিবাৰে অসমৰ প্ৰত্যেক জিলা সদৰতে বিক্ষোভ প্ৰদৰ্শন কৰে আছুকে ধৰি সংগঠনকেইটা।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বিধেয়কৰ প্ৰতি ‘সদৰ্থক’ মত থকা বুলি জনাজাত বৰাক উপত্যকাৰ প্ৰত্যেক জিলা সদৰতো শনিবাৰে আছু আৰু সংগঠনকেইটাৰ আহ্বানত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ হোৱাটো অত্যন্ত তাৎপৰ্য্যপূৰ্ণ।

বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত শনিবাৰে আছু-২৮টা সংগঠনৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

অসমৰ সাৰ্বজনীন (popular) জনমতৰ পক্ষত অৱস্থান লৈ অহা আছুৰ এই স্থিতিয়ে নিৰ্বাচনত নিঃসন্দেহে শ’লঠেকত পেলাব শাসকীয় দলটোক। ৰাজ্যৰ ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বদায়ী হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহৰ ঐক্যমঞ্চ নেছ’ৰো অন্যতম উদ্যোক্তা আছু।

যোৱা বিধান সভা নিৰ্বাচনত ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে ব্যাপক অধিষ্ঠানবিৰোধী ঢৌৰ পিছতো সংখ্যাগৰিষ্ঠ ভোট লাভ কৰা কংগ্ৰেছক বাদ দিলেও অত্যন্ত প্ৰভাৱশালী ‘অৰাজনৈতিক’ দল-সংগঠনসমূহৰ এই স্থিতিয়েই পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে প্ৰধান প্ৰত্যাহ্বান হ’ব শাসকীয় বিজেপিৰ বাবে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰায় ৭০টাকৈ সংগঠনে ইতিমধ্যে বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ ‘সংকল্প’ ঘোষণা কৰিছে।

আক্ৰাছু, প্ৰাক্তন আলফা ঐক্যমঞ্চ, চিলাৰায় সেনা, আছা, আমছু, সদৌ চাওতালী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থাকে ধৰি ১৪টা সংগঠনেও শনিবাৰে বিধেয়কৰ বিৰুদ্ধে কোকৰাঝাৰ প্ৰে’ছ ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে।

Related News