NORTHEAST NOW (Assamese)

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা; শিৱসাগৰত প্ৰস্তুতি সম্পূৰ্ণ

December 11, 2018 6:14 pm · পার্শ্বজোতি গগৈ

কাইলৈ অৰ্থাৎ ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। আজি শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰৰ পৰিদৰ্শন কৰে।

ভোট গণনা কেন্দ্ৰৰ পৰিদৰ্শনৰ সময়ত উপায়ুক্তৰ লগত জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, জিলা উন্নয়ন আয়ুক্তৰ দায়িত্ব প্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নবাব আল আজহাৰ আলী উপস্থিত থাকে। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষকৰ লগত ভোট গণনা কেন্দ্ৰটোৰ নিৰাপত্তাৰ লগতে কেন্দ্ৰটোত সংযোজন কৰা চি চি টি ভি কেমেৰাৰ পৰীক্ষা-নিৰীক্ষা কৰে।

ইয়াৰ পিছতেই উপায়ুক্ত গৰাকীয়ে শিৱাসাগৰ মহাবিদ্যালয়ত চলি থকা ভোট গণনাত নিয়োজিত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। পুৱা ১০ৰ পৰা ১২ বজালৈ আৰু দিনৰ ১ৰ পৰা ৩ বজালৈ চলা এই প্ৰশিক্ষণ কাৰ্য্যসূচীত ৭৮০ গৰাকী তত্বাৱধায়ক আৰু সহায়ক, ২৬ গৰাকী তালিকাভুক্তকাৰী, ৩৯ গৰাকী প্ৰাধিকৃত বিষয়া, ২৬ গৰাকী ট্ৰেনজিত বিষয়া আৰু ১০৪ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

Related News