NORTHEAST NOW (Assamese)

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰী গ্ৰেপ্তাৰ, হৰিণাৰ মাংস উদ্ধাৰ

September 2, 2020 9:33 pm · ময়ূখ গোস্বামী

বনৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এজন চোৰাংচিকাৰী কৰায়ত্ত কৰিছে আৰু তেওঁৰ জিম্মাৰ পৰা হৰিণাৰ মাংস আৰু নেজ উদ্ধাৰ কৰিছে।

ধৃত চোৰাংচিকাৰীজনক দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱৰ নিজামুদ্দিন আহমেদ (৪৫) বুলি চিনাক্ত কৰা হৈছে।

ধৃত চোৰাংচিকাৰীজনে আৰু তিনিজনৰ সৈতে মঙলবাৰে হৰিণাটো হত্যা কৰিছিল।

চোৰাংচিকাৰীকেইজনে নিজৰ মাজত হৰিণাটোৰ মাংস ভগাই থাকোতেই বনৰক্ষীয়ে হাতেলোটে তেওঁক কৰায়ত্ত কৰে।

অৱশ্যে বাকী তিনিজন চোৰাংচিকাৰী পলাবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰীজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।

চোৰাংচিকাৰীজনক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

সূত্ৰমতে পলাতক আন তিনি চোৰাংচিকাৰীৰ সন্ধান চলাই থকা হৈছে।

Related News