NORTHEAST NOW (Assamese)

বাজপেয়ীৰ বিষয়ে কবিতা লিখি পাওক নগদ ৫ হাজাৰ টকা

August 30, 2018 8:05 pm · এন ই নাও নিউজ
ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ফাইল ফটো। উৎস : ইণ্টাৰনেট

সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিষয়ে লিখা কবিতাৰ বাবে নগদ ৫ হাজাৰ টকালৈকে পুৰস্কাৰ ঘোষণা কৰিছে অসম চৰকাৰে (MyGov Assam)।

অসমত প্ৰচলিত যিকোনো ভাষাতে প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলিৰে ৰচিত কবিতাসমূহৰ দুটা শাখাত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা ১ম শাখাত ১ম, ২য় আৰু ৩য় স্থানপ্ৰাপকসকলক ক্ৰমে ৩, ২ আৰু ১ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। ইয়াৰ বিপৰীতে সকলো লোকৰে বাবে মুকলি থকা ২য় শাখাৰ শীৰ্ষ ৩ স্থানৰ কবিক ক্ৰমে ৫, ৪ আৰু ৩ হাজাৰ টকাকৈ নগদ আগবঢ়োৱা হ’ব।

অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত কবিতাসমূহ MyGov Assam ৱেবছাইট (https://assam.mygov.in/)ত দাখিল কৰিব লাগিব।

অসমীয়া, ইংৰাজী আৰু হিন্দীৰ বাহিৰে আন ভাষাত ৰচিত কবিতাসমূহৰ ক্ষেত্ৰত ৰচনাৰ ভাষা উল্লেখ থাকিব লাগিব।

নিৰ্বাচিত কবিতাসমূহক লৈ এখন সংকলনো প্ৰকাশ কৰা হ’ব।

Related News