NORTHEAST NOW (Assamese)
অসম

Video|| অৱশেষত ৰাজ্যজুৰি নাৰ্ছক আক্ৰমণ বিজেপি চৰকাৰৰ, ব্যাহত স্বাস্থ্য সেৱা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 28, 2018 2:41 pm
Police personal spushle between Nurses at Assam Medical College & Hospital in Dibrugarh on 28-011-18 during All Assam Nurse Association strike. Pix by UB Photos

সমগ্ৰ অসম জুৰি প্ৰতিবাদত বহা ১২ হাজাৰ নাৰ্ছৰ সৈতে তৎকালীন আলোচনাৰে পৰিস্থিতি মোকাবিলা কৰাৰ সলনি বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ নমাই আনিছে বিজেপি চৰকাৰে।

ৰাজ্যজুৰি নাৰ্ছসকলৰ প্ৰতিবাদ অব্যাহত থকাৰ বিপৰীতে গুৱাহাটী, ডিব্ৰুগড় আৰু বৰপেটাস্থিত চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত আটক হ’বলগীয়া হৈছে প্ৰতিবাদকাৰীসকল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আন্দোলনৰত নাৰ্ছসকলক বুধবাৰে পুৱাই আটক কৰি কাহিলীপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ চৌহদত বন্দী কৰি ৰাখিছে আৰক্ষীয়ে। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতেলৰ প্ৰতিবাদী নাৰ্ছসকলক চিকিৎসালয়খনতে বন্দী কৰা হৈছে।

আৰক্ষীৰ সৈতে হতাহতিত কেইবাগৰাকীও নাৰ্ছ শাৰীৰিকভাৱে অপদস্থ হৈছে, অভিযোগ নাৰ্ছ সন্থাৰ। আটক হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ সভানেত্ৰী, সম্পাদিকা আৰু প্ৰচাৰ সম্পাদিকা।

নাৰ্ছসকলৰ প্ৰতিবাদৰ ফলত আন চিকিৎসালয় বাদেই চিকিৎসা মহাবিদ্যালয়সমূ্হতে ব্যাহত হৈছে চিকিৎসাৰ দৰে জৰুৰী সেৱা। সূত্ৰ অনুসৰি শল্য চিকিৎসাৰ বাবে দিন নিৰ্ধাৰণ কৰি থোৱা ৰোগীও চিকিৎসালয়ৰ বিচনাত পৰি আছে, অথচ প্ৰতিদিনাই আহি আছে নতুন নতুন ৰোগী।

লগতে পঢ়ক– আলোচনালৈ মাতি নাৰ্ছ সন্থাক অপমান স্বাস্থ্য মন্ত্ৰীৰ

ৰাজ্যজুৰি ৰাজহুৱা চিকিৎসা খণ্ডত সৃষ্টি হোৱা এই অচলাৱস্থাৰ মোকাবিলাৰ বিপৰীতে নাৰ্ছসকলৰ সৈতে আলোচনাত বহাৰ বাবে সময় নাই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ তাৰকা প্ৰচাৰক, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনুষ্ঠানিক পত্ৰযোগে আলোচনালৈ মাতি প্ৰতিবাদকাৰী নাৰ্ছ সন্থাৰ সৈতে মঙলবাৰে আলোচনালৈ অহা নাছিল মন্ত্ৰীগৰাকী।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ

আনহাতে মহানগৰ আৰক্ষীৰ ভাষ্য মতে প্ৰযোজ্য হৈ থকা ১৪৪ ধাৰা আৰু প্ৰতিবাদে জি এম চি এইচ্ছলৈ অহা ৰোগীৰ অসুবিধা সৃষ্টি কৰা বাবে তেওঁলোকক আটক কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেলত বুধবাৰে সদৌ অসম নাৰ্ছ সন্থাৰ প্ৰতিবাদ

পঞ্চায়ত নিৰ্বাচনৰ ভোট বিচাৰি থকা বিজেপি নেতৃত্বাধীন চৰকাৰে এই পথেৰে ৰাজ্যলৈ সুশাসন আনিব পাৰিবনে?