NORTHEAST NOW (Assamese)

আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিত বিজেপি নেতা জিন্তু নাথক গ্ৰেপ্তাৰ

October 11, 2020 12:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্য জোকাৰি যোৱা আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত থকা জিন্তু নাথ নামৰ আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জিন্তু নাথ ভাৰতীয় জনতা পাৰ্টিৰ জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ উপ-সভাপতি।

পলাতক হৈ থকা জিন্তু নাথক ছয়দুৱাৰ আৰক্ষীয়ে শোণিতপুৰৰ জামুগুৰি অঞ্চলৰ গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে নাথক আজি জেৰাৰ বাবে গুৱাহাটীলৈ অনা হ’ব।

উল্লেখ্য যে শনিবাৰে আৰক্ষীয়ে এই কেলেংকাৰিৰ সৈতে জড়িত বিভিন্ন স্থানৰ পৰা ৫কোটিতকৈয়ো অধিক টকা উদ্ধাৰ কৰে।

বঙাইগাঁও, বৰপেটা আৰু চিৰাং জিলাত আৰক্ষীয়ে তালাচী চলাই এই ধনখিনি উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ সন্দেহত বঙাইগাঁওৰ পৰা ৰূপম দাস আৰু বৰপেটাৰ পৰা দেবৰাজ দাস নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

Related News