NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি: ১০ মাৰ্চৰ পৰা পাব এডমিট কাৰ্ড ||সবিশেষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 7:41 pm
AssamPolice_Recruitment-1024x615

অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ বাবে হ’ব লগা শাৰীৰিক মাপ আৰু যোগ্যতা পৰীক্ষাৰ এডমিট কাৰ্ড ১০ মাৰ্চৰ পৰা উপলব্ধ হ’ব।

২৫/০৪/২০১৮ তাৰিখত প্ৰকাশিত বিজ্ঞাপন আৰু ১৯/১২/২০১৯ৰ জাননী/ সংযোজনৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

এই সম্পৰ্কীয় বিভাগীয় ৱেবছাইট www.slprbassam.inত পি এছ টি (Physical Standard Test) আৰু পি ই টি (Physical Eligibility Test)ৰ এডমিট কাৰ্ড উপলব্ধ হ’ব।

বাতৰি মতে, পি এছ টিত প্ৰাৰ্থীসকলৰ উচ্চতা, ওজনকে আদি কৰি শাৰীৰিক আৰু স্বাস্থ্যৰ পৰীক্ষা লোৱা হ’ব।

পি ই টিত ৪০ নম্বৰ থাকিব আৰু তাত দৌৰ আৰু লং জাম্পৰ পৰীক্ষা লোৱা হ’ব।

এডমিট কাৰ্ড ডাউনল’ড কৰাত অসুবিধা পোৱাসকলে 6913649611 নম্বৰত ফোন নাইবা 7636071991ত হোৱাটছএপ কৰিব পাৰিব।

অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে www.slprbassam.in ৱেবছাইট দৰ্শন কৰিব পাৰে।