NORTHEAST NOW (Assamese)
অসম

তবলিগী জামাতৰ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2020 10:24 am
People-found-positive-for-COVID19-being-taken-to-hospital.-Image-credit-www.indiatoday.in_-1140x570

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ নেতাকে ধৰি ইয়াৰ ৰাজ্যিক শাখাৰ কেইবাজনো নেতাৰ বিৰুদ্ধে দেওবাৰে অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

ৰাজ্যখনৰ এতিয়ালৈকে চিনাক্ত হোৱা COVID-19 আক্ৰান্ত ২৬ জনৰ ভিতৰত ২৫ জনেই যোৱা মাহত নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত সমাৱেশৰ সৈতে জড়িত থকাটো নিশ্চিত হোৱাৰ পাছত অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

অভিযোগ উঠিছে যে উক্ত অনুষ্ঠানৰ পৰা উভতি অহা কেইবাজনো লোকে আত্মগোপন কৰি আছে আৰু এতিয়ালৈকে আত্মপ্ৰকাশ কৰা নাই।

ইশাংকুৰ শইকীয়া নামৰ এজন ব্যক্তিৰ এক এজাহাৰৰ ভিত্তিত কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাত গোচৰটো ৰুজু কৰা হৈছে।

শইকীয়াই অভিযোগ কৰিছে যে মাৰ্কাজৰ সদস্যসকলে জৈৱ-সন্ত্ৰাস বিয়পাই ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।

দিল্লীৰ মাৰ্কাজৰ মুখ্য সদস্যৰ উপৰি এজাহাৰখনত ‘সন্ধানহীন’ হৈ থকাৰ অভিযোগ থকা সমাৱেশত অংশ লোৱা ৰাজ্যখনৰ আন পাঁচজন লোকৰ নামো দিয়া হৈছে।

‘মেলিগনেন্ট এক্ট লাইকলি টু স্প্ৰেড ইনফেকশ্যন অফ ডিজিজ ডেঞ্জাৰাছ টু লাইফ’আৰু পাৰ্ছপোৰ্ট আইনৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৭০ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

এজাহাৰখনত আন এখন ৰাজ্য বা বাহিৰৰ পৰা উভতি আহি তথ্য গোপনে ৰাখি অসমৰ তথা গোটেই দেশতে মানৱ জীৱনৰ বাবে ভয়াবহ ৰোগ বিয়পোৱাত সহায় কৰা সেইসকল লোকৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা কৰাটো বিচৰা হৈছে।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰে ধৰ্মীয় সমাৱেশটোত উপস্থিত থকা সকলোকে COVID-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ সোমবাৰলৈকে সময়সীমা বান্ধি দিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে স্বেচ্ছাই উপস্থিত নহ’লে তেওঁলোকৰ বিৰুদ্ধ অপৰাধমূলক গোচৰ তৰিব বুলি দেওবাৰে সতৰ্ক কৰি দিছে।