NORTHEAST NOW (Assamese)
অসম

দাৰ ঘাপত জখম আৰক্ষী বিষয়া: বোকাখাতত দুজনক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 3, 2019 6:32 pm
Assam police officer attacked, two arrested in Bokakhat

বোকাখাতৰ কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈক দাৰে ঘপিওৱা ঘটনাত জড়িত থকাৰ সন্দেহত বুধবাৰে নিশা শচীন কৰ্মকাৰ আৰু শিৱা কৰ্মকাৰ নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

বোকাখাত আৰক্ষীয়ে কমাৰগাওঁ অঞ্চলৰ পৰা যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে৷

ধৃত শচীনৰ ঘৰ বোকাখাতৰ গেলেকা বালিজান লক্ষীজুৰিত আৰু শিৱাৰ ঘৰ বোকাখাত গড়মূৰৰ বৰটিকাত৷

আৰক্ষীৰ দাবী, বোকাখাতৰ লখৌজানত মঙলবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা বিষয়াজনৰ ওপৰত আক্ৰমণৰ সময়ত দুয়ো যুৱক ঘটনাস্থলীত উপস্থিত আছিল।

“ঘটনাৰ পাছৰে পৰা দুয়ো পলাতক অৱস্থাত আছিল,” অভিযানকাৰী দলৰ নেতৃত্ব দিয়া বোকাখাত থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাই জনায়।

যুৱক দুজনক বোকাখাত আৰক্ষীয়ে সম্প্ৰতি জেৰা চলাই আছে৷

ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে বোকাখাত আৰক্ষীয়ে অভিযান চলাই আছে বুলি জনাইছে।