NORTHEAST NOW (Assamese)

গুৱাহাটীত পুনৰ এনকাউণ্টাৰৰ ঘটনা

September 19, 2021 11:32 am · এন ই নাও নিউজ
Updated: September 19, 2021 1:13 pm

অব্যাহত আছে অসম পুলিচৰ ড্ৰাগছ বিৰোধী অভিযান।
আজি অসম আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ হিজুবাৰীত এখন ৰঙা ৰঙৰ বিলাসী বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰে।

উল্লেখ্য যে, এই অভিযানত গুৱাহাটী আৰক্ষী আৰু কআৰক্ষীয়ে যুটীয়াভাৱে অংশ লৈছিল।

অসম আৰক্ষীৰ এই সফলতাৰ কথা টুইটাৰ যোগে ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইট যোগে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ এইয়া বৃহৎ সাফল্য। গুৱাহাটী আৰক্ষী আৰু কামৰূপ আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত হিজুবাৰীত ৫০০ গ্ৰাম হিৰ’ইন জব্দ হৈছে। এই ভাল কাম অব্যাহত থাকক।”

শেহতীয়া খবৰ মতে, এই ড্ৰাগছ সৰবৰাহকাৰী ব্যক্তি কেইজনে পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে তেওঁলোকলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীবৰ্ষণ কৰে। এই গুলীবৰ্ষণত এজন লোক আহত হোৱা বুলি সন্দেহ কৰা হৈছে।

Related News