NORTHEAST NOW (Assamese)
অসম

কৰিমগঞ্জত নিজৰ বিছনাতে উপ-আৰক্ষী অধীক্ষকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 5:36 pm

কৰিমগঞ্জ জিলাৰ এৰালিগুলত অৱস্থিত অসম আৰক্ষীৰ ১৫ নং মুখ্য কাৰ্য্যালয়ত ৰহস্যজনক অৱস্থাত এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আজি ৰাতিপুৱা এৰালিগুলত থকা অসম আৰক্ষীৰ ১৫ নং মুখ্য কাৰ্য্যালয়ৰ কোৱাৰ্টাৰৰ নিজৰ বিছনাত শ্যামাপ্ৰসাদ চক্ৰৱৰ্তী নামৰ উপ-আৰক্ষী অধীক্ষক গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হয়।

মৃত্যু হোৱা শ্যামাপ্ৰসাদ চক্ৰৱৰ্তীৰ ঘৰ কাছাৰ জিলাত।

উপ-আৰক্ষী অধীক্ষক গৰাকীৰ নিজৰ বিছনাত মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় দণ্ডাধীশ আৰু আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে চক্ৰৱৰ্তীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীৰ দলটোৱে বৰ্তমানলৈ উপ-আৰক্ষী অধীক্ষক গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আহিলেহে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি সদৰী কৰে।