NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বিৰুদ্ধে সজাগতা সৃষ্টি: বলীউদ তাৰকা শ্বাহৰুখৰ খানৰ কাষ চাপিল অসম আৰক্ষী!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 1:28 pm
910678-28-years-of-shah-rukh-khan-struggling-actor-godfather

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধক লৈ উদ্বিগ্ন হৈ পৰিছে অসম চৰকাৰ। চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বিষয়টো।

বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো মানুহে মাস্ক অবিহনে ঘুৰি ফুৰিছে, সামাজিক দূৰত্বৰ কথা পাহৰি পেলাইছে।

এনে অৱস্থাত কৰ’না প্ৰতিৰোধৰ বাবে শ্বাহৰুখ খানৰ কাষ চাপিল অসম আৰক্ষী।

অসম আৰক্ষীৰ টুইটাৰ হেণ্ডল’ৰ পৰা কৰ’নাৰ বিষয়ে সজাগতাৰ প্ৰচাৰ চলোৱা হ’ল কিছু চিনেমাৰ শৈলীৰে।

অভিনেতা শ্বাহৰুখ খানৰ ছিগনেশ্বাৰ প’জটোৰ সাধাৰণ সাল-সলনি কৰি লোৱা হ’ল। তাৰ পাছত অসম আৰক্ষীয়ে কিং খানৰ সেই দুহাত মেলি ধৰা সেই জনপ্ৰিয় প’জটোৰ এখন ছবিত মাস্ক পৰিধান কৰাই দুহাতৰ দূৰত্ব ৬ফুট দেখুৱাই পোষ্ট কৰিলে।

ইয়াৰ উপৰি শ্বাহৰুখৰ ছুপাৰহিট ছবি বাজীগৰৰ সৰ্বাধিক জনপ্ৰিয় সংলাপ এটিও প্ৰচাৰত ব্যৱহাৰ কৰা হৈছে।

টুইটত লিখা হৈছে,’’ সামাজিক দূৰত্বই জীৱন বচাব পাৰে….যেনেদৰে এছ আৰ কেই কয়, কভি কভি পাছ আনে কে লিয়ে কুছ দূৰ জানা পৰতা হায়…অউৰ দূৰ যাকৰ পাছ আনেৱালে কো বাজীগৰ কহতে হায়। ৬ ফুট দূৰত থাকিয়েই বাজীগৰ হওক।‘’

কৰ’না মহামাৰী সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে এই প্ৰথমবাৰ শ্বাহৰুখ খানৰ সহায় লোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানৰ মে হু না ছবিৰ এটি দৃস্যাংশ ব্যৱহাৰ কৰি সজাগতাৰ বাবে প্ৰচাৰ কৰিছিল।