NORTHEAST NOW (Assamese)
Popular Stories

অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই আলু-পিয়াজৰ ট্ৰাক : আকাশলংঘী হ’ব দাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2024 8:18 pm

অসমত প্ৰৱেশ কৰিবলৈ দিয়া নাই বহিঃৰাজ্যৰ পৰা অহা আলু-পিয়াজ কঢ়িয়াই অনা ট্ৰাক।


সূত্ৰ অনুসৰি, অসমত এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ প্ৰৱেশত বাধা আৰোপ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিছতে বংগ আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।


ভাৰতীয় সেনাৰ খাদ্য সামগ্ৰীকে ধৰি ট্ৰাক অসমৰ বজাৰ বাবে অহা খাদ্য সামগ্ৰীও ৰাজ্যৰ সীমান্ততে জব্দ হৈ আছে।


বিগত পাঁচ দিন ধৰি এই বাধা অব্যাহত আছে, যাৰ ফলত এই সামগ্ৰীসমূহৰ যোগান শৃংখলক বজাৰত সমস্যাৰ সৃষ্টি হৈছে।


অভিযোগ অনুসৰি, বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত একাংশ ট্ৰাকক গভীৰ নিশাৰ সময়ছোৱাত পাৰ হ’বলৈ দিয়া হৈছিল। ইয়াৰ উপৰিও এই সীমান্তৱৰ্তী অঞ্চলসমূহত আলু আৰু পিঁয়াজৰ ছিণ্ডিকেট চলি আহিছে।