NORTHEAST NOW (Assamese)

উপ-নিৰ্বাচন : “নতুন মুখ”ক প্ৰাধান্যৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা

September 28, 2019 5:32 pm · কল্পজ্যোতি শইকীয়া
Updated: September 28, 2019 5:51 pm

অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছে আটাইকেইটা সমষ্টিতে নতুন মুখৰ প্ৰাৰ্থীক নিৰ্বাচনী যুঁজলৈ আগ বঢ়াই দিছে।

আজি আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৰাজ্যৰ বিৰোধী দলটোৱে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচনী বিষয়া মুকুল ৱাচনিকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তি যোগে এই তালিকা প্ৰকাশ কৰা হৈছে।

১ নং ৰাতাবাৰী সমষ্টিত কেশৱ প্ৰসাদ ৰজকে প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে ৪৪ নং জনিয়া সমষ্টিত দলটোৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ছামচুল হকে।

৭৪ নং ৰঙাপৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে কাৰ্তিক কুৰ্মীয়ে।

আনহাতে ১০৬ নং সোণাৰি সমষ্টিত শৰৎ বৰকটকীৰ পুত্ৰকে ধৰি চৰ্চিত বহুকেইটা নামক কাষৰীয়া কৰি টিকট লাভ কৰে সুশীল সুৰিয়ে। সুৰি চাহ শ্ৰমিক সম্প্ৰদায়ৰ আৰু তেওঁ সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক।

প্ৰাৰ্থিত্ব লাভ কৰা চাৰিজনৰ ভিতৰত এজনৰো পূৰ্বে বিধানসভাৰ নিৰ্বাচন খেলাৰ অভিজ্ঞতা নাই।

কেইদিনমানৰ পূৰ্বে দলটোৰ ৰাজ্যিক নেতৃত্বই নতুন মুখক গুৰুত্ব দিয়াৰ ইংগিত দিছিল। “নতুন মুখক প্ৰাধান্য দিয়া হ’ব” বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ আহ্বায়ক অপূৰ্ব ভট্টাচাৰ্য্য মন্তব্য কৰিছিল।

আনহাতে, বৰ্তমানলৈকে চূড়ান্ত তালিকা প্ৰকাশ কৰা নাই শাসনাধিষ্ঠিত বিজেপিয়ে।

আন এটা প্ৰধান বিৰোধী দল, এ আই য়ু ডি এফে কেৱল জনিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগ বঢ়োৱাৰ কথা ঘোষণা কৰিছে। সমষ্টিটোৰ পৰা জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৱে।

Related News