NORTHEAST NOW (Assamese)

অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ ; অগণতান্ত্ৰিক আখ্যা কংগ্ৰেছৰ

April 29, 2024 8:05 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি অসম আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ কৰে। 

জানিব পৰা মতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছ কৰ্মীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাক কৰিছে।

ৰিতম সিঙৰ গ্ৰেপ্তাৰক গৰিহণা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়, “ৰিতম সিং নামৰ অধিবক্তা যুৱকজনক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী। ৰিতম সিঙক শীঘ্ৰে মুকলি কৰি দিব লাগে।”

ৰিতম সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে কংগ্ৰেছে এক বিবৃতি যোগে কয় যে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী। নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰী কাম-কাজক সমালোচনা কৰা বাবেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱাৰ ৰুমত কাম কৰা ৰিতম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চৰকাৰৰ নীতি আৰু কৰ্মসূচীক সমালোচনা কৰাৰ অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত আৰক্ষীয়ে এনেদৰে বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ চেষ্টা চলাইছে।

Related News