NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ সাফল্য; সনাতন ডেকা হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ

May 25, 2020 11:06 am · এন ই নাও নিউজ
Updated: May 25, 2020 12:56 pm
গ্ৰপ্তাৰ হোৱা দুই অভিযুক্ত

ৰাজ্য জোকাৰি যোৱা হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ দুই মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩০২ ধাৰাৰ অধীনত ৰুজু কৰা ৪৮০/২০২০ নম্বৰৰ এক গোচৰৰ ভিত্তিত হাজো আৰক্ষীয়ে আজি পুৱা ফাইজুৰ হক ওৰফে দালি আৰু ইউছুফ উদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰা হয়।

অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা) জি পি সিঙে আজি টুইট যোগে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা ২২ মে’ত হাজোৰ মনাকুচি গাঁৱত শাক-পাচলি ব্যৱসায়ী সনাতন ডেকাক পথৰ ওপৰতে পাঁচজন লোকে মৰিয়াই হত্যা কৰিছিল। উক্ত ঘটনা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

বাতৰি যুগুত কৰা সময়লৈকে বাকিকেইজন অভিযুক্ত নজদিন আলি, ছবিৰ আলি আৰু ফিৰজাহান আলি পলাতক অৱস্থাত আছে।

লগতে পঢ়ক হাজোত পথৰ ওপৰতে মৰিয়াই হত্যা শাক-পাচলিৰ ব্যৱসায়ীক

মৃত সনাতন ডেকা অঞ্চলটোৰ তেতেলিয়া গাঁৱৰ বাসিন্দা। তেওঁ কাৰখানাত শ্ৰমিকৰূপে কাম কৰিছিল কিন্তু চলিত লকডাউনত তেওঁ কৰ্মহীন হৈছিল।

Related News