NORTHEAST NOW (Assamese)
Popular Stories

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 12:34 pm

ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি ‘অসন্মানজনক আচৰণ কৰাৰ অভিযোগত অসমৰ এগৰাকী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে পুৱা বিদ্যালয় চৌহদত পতাকা নমাই নিয়াৰ সময়ত তেওঁৰ আচৰণৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছতে এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছদিনা আদালতত হাজিৰ কৰে।

অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম ফাতেমা খাতুন। ভিডিঅটোত প্ৰথমে স্কুলৰ চোতালৰ পৰা পতাকা নমাই দিয়া দেখা গৈছে। তাৰ পাছত পতাকাখন মাটিত চুই নোপোৱাকৈয়েই পতাকাখন ভৰিৰ মাজত ভাঁজ দিবলৈ চেষ্টা কৰে। সেই মুহূৰ্তৰ ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাধীনতা দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ফাতেমাই পতাকা উত্তোলন কৰিছিল। ইয়াৰ পাছত শনিবাৰে পুৱা ৭:৩০ বজাত অকলে স্কুললৈ আহি পতাকা নমাই দিলে। কিন্তু পতাকা ভাঁজ কৰা ধৰণেৰে অসন্মান কৰাৰ অভিযোগ উত্থাপন হৈছিল।

নগাঁও জিলা আৰক্ষীয়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধ আইন, ১৯৭১ৰ অধীনত ফাতেমা খাতুনক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।