NORTHEAST NOW (Assamese)
Popular Stories

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 11:23 am

দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগ বছ বিজয়ী এলভিছ যাদৱৰ বাসগৃহৰ বাহিৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

আৰক্ষীয়ে জনোৱা মতে, আজি পুৱা ৫.৩০ৰ পৰা ৬ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়, যত তিনিজন বাইক আৰোহী লোকে ৫৭ নং ছেক্টৰত থকা যাদৱৰ ঘৰত দুডজনৰো অধিক গুলী প্ৰেৰণ কৰি পলায়ন কৰে।

ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাত গুলী লাগিছিল।

দ্বিতীয় আৰু তৃতীয় মহলাত থকা যাদৱ সেই সময়ত ঘৰত নাছিল। আক্ৰমণৰ সময়ত তেওঁৰ তত্ত্বাৱধায়ক আৰু পৰিয়ালৰ কিছু সদস্য ভিতৰত আছিল যদিও কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

ততাতৈয়াকৈ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক প্ৰমাণ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰা চিচিটিভিৰ ফুটেজ স্কেন কৰিবলৈ আৰম্ভ কৰিছে। বিষয়াসকলে নিশ্চিত কৰিছে যে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে, আৰু পৰিয়ালৰ পৰা আনুষ্ঠানিক অভিযোগ লিপিবদ্ধ হলে ইয়াৰ পিছত অধিক তদন্ত কৰা হব।

যাদৱৰ পিতৃৰ মতে, ঘটনাৰ পূৰ্বে তেওঁক কোনো ধৰণৰ ভাবুকি পোৱা নাছিল। বৰ্তমান হাৰিয়ানাৰ বাহিৰত আছে ইউটিউবাৰজন।