NORTHEAST NOW (Assamese)

ছয় জনগোষ্ঠীক জনজাতিকৰণ বিৰোধিতাত হাফলঙত বিশাল প্ৰতিবাদ

November 23, 2019 12:22 pm · পংকজকুমাৰ দেব

ৰাজ্যজুৰি অব্যাহত থকা কেব বিৰুদ্ধী আন্দোলনৰ মাজতে শেহতীয়াভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে পুনৰ চৰ্চালৈ আহিছে।

শুকুৰবাৰে হাফলঙৰ হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনে ‘সংবিধানৰ অনুসূচিত জনজাতি সংশোধনী বিধেয়ক, ২০১৯’ (Constitutional Schedule Tribe Amendment Bill) বাতিলৰ দাবীত হাফলং নগৰৰ মাজেৰে এক বিশাল জোঁৰ সমদল উলিয়ায়।

উল্লেখযোগ্য চলিত শীতকালীন অধিৱেশনত চৰকাৰে ‘চিডিউল ট্ৰাইব এমেন্ডমেন্ড বিল’ৰ জৰিয়তে ছয় জনগোষ্ঠী (তাই আহোম, কোচ ৰাজবংশী, চাহ-জনগোষ্ঠী, চুতীয়া, মৰাণ, মটক)ক শীঘ্ৰেই জনজাতি মৰ্য্যদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে জনজাতীয় সংগঠন সমুহে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

কালিৰ জোঁৰ সমদলত হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনৰ সভাপতি প্ৰমিত চেঙগুইনে ‘বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পাৰ্বত্য জনগোষ্ঠীৰ আবেগ-অনুভূতিক লৈ খেলা কৰা’ বুলি কয়।

এই বিলৰ যোগেদি পাৰ্বত্য জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল’ব খোজা হৈছি বুলি মন্তব্য কৰি তেওঁ কয় যে যদিহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হয় তেন্তে পুনৰ পাহাৰীয়া জিলা দুখন (কাৰ্বি আংলং আৰু ডিমা হাচাও)ক লৈ পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ আন্দোলন আৰম্ভ হ’ব।

চেঙগুইনৰ মতে ‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্গত ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰা’ পাহাৰীয়া জিলা দুখনৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী।

আনহাতে কালি জোঁৰ সমদলত হিল ট্ৰাইব্ছ স্টুডেন্টছ এচ’চিয়েচনে বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰো দাবী জনায়।

Related News