NORTHEAST NOW (Assamese)

যোৰহাটত নিজ বাহনত মৃত অৱস্থাত উদ্ধাৰ লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাক

October 31, 2020 10:26 pm · স্মিতা ভট্টাচাৰ্য্য

লোকনিৰ্মাণ (ভৱন)ৰ কনিষ্ঠ অভিযন্তা বিৰাজ দাসক শনিবাৰে নিজ বাহনতে ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

যোৰহাটৰ গড়মূৰৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ সমীপতে তেওঁক মৃত অৱস্থাত পোৱা গৈছে।

গড়মূৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত গগৈয়ে জনোৱা মতে সন্ধিয়া প্ৰায় ৬ বজাত কোনো লোকে দাসক গাড়ীৰ পিছৰ আসনত পৰি থকা অৱস্থাত দেখা পায় আৰু আৰক্ষীক খবৰ দিয়ে।

প্ৰাথমিক তদন্তত দাসৰ দেহত কোনো আঘাতৰ চিন দেখা পোৱা হোৱা নাই।

আৰক্ষী বিষয়াজনে জনায় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে তেওঁৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত স্পষ্ট হ’ব পৰা যাব।

মৃত দাসৰ ঘৰ শিৱসাগৰৰ গৌৰীসাগৰত। সূত্ৰমতে তেওঁৰ পৰিয়ালৰ লোক আহি গড়মূৰত উপস্থিত হৈছে।

Related News