NORTHEAST NOW (Assamese)
অসম

দিনৰ ১১ বজালৈকে ৰাজ্যত ভোটদানৰ হাৰ ২৬.৩৯ শতাংশ

Posted by: এন ই নাও নিউজ April 18, 2019 1:01 pm

ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত দিনৰ ১১ বজালৈকে ২৬.৩৯ শতাংশ ভোটাৰে ভোটদান কৰিছে।

উল্লেখযোগ্য যে আজি পুৱা ৭ বজাৰ পৰা দেশৰ আন আন ঠাইৰ লগতে অসমৰ নগাঁও, মঙলদৈ, কৰিমগঞ্জ, স্বায়ত্তশাসিত জিলা আৰু শিলচৰকে ধৰি ৫খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত তথ্য অনুসৰি দিনৰ ১১ বজালৈকে মঙলদৈত ৩১.২৬ শতাংশ, নগাঁৱত ১৮.৫১ শতাংশ, শিলচৰত ২৭.০৫ শতাংশ, কৰিমগঞ্জত ২৮.৩০ শতাংশ আৰি স্বায়ত্তশাসিত জিলাত ২৮.৯০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

বাতৰি লিখা সময়লৈকে আটাইকেইটা সমষ্টিটে শান্তিপূৰ্ণভাৱে ভোটদান চলি থকাৰ খবৰ পোৱা গৈছে।