NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ বৃহৎ সফলতা; ১৫ কোটি টকা মূল্যৰ হিৰ’ইন জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 7:05 pm

অসম আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা দুটা অভিযানত আজি ১৫ কোটি টকা মূল্যৰ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সৰবৰাহৰ অভিযোগত চাৰিজন লোককো আটক কৰে আৰক্ষীয়ে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দল এটাই অভিযান চলাই কাৰ্বি আংলঙৰ পৰা ৩.৪৫ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰে।

মণিপুৰৰ ইম্ফলৰ পৰা অসমৰ গুৱাহাটীলৈ এই নিচাযুক্ত সামগ্ৰীখিনি এখন ট্ৰাকেৰে সৰবৰাহ কৰিছিল। এই অভিযানত মণিপুৰৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

আনহাতে দ্বিতীয়টো অভিযান চলাই মৰিগাঁৱত। জিলা আৰক্ষীৰ দল এটাই এটা ঘৰত অভিযান চলাই হিৰ’ইনযুক্ত ৮৮টা কন্টেইনাৰ জব্দ কৰে। এই কন্টেইনাৰ কেইটাত ১ মিলিগ্ৰাম হিৰ’ইন থকাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে।

ইয়াৰ উপৰি অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে ঘৰটোৰ পৰা মন্দিৰ আৰু জাগীৰোড কাগজ মিলৰ পৰা চুৰি কৰা বিভিন্ন সামগ্ৰীও উদ্ধাৰ কৰে।

সামগ্ৰীখিনিৰ উপৰি অভিযানকাৰী দলটোৱে এজন পুৰুষ আৰু মহিলাক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তিত উল্লেখ কৰে।