NORTHEAST NOW (Assamese)
অসম

গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যু হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ মুখ্য মন্ত্ৰীৰ ৫ লাখ টকাৰ সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 7:16 pm
b1a88042-13a2-4951-9a68-111a0f148968

দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত আজি গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত দুষ্কৃতিকাৰী দল এটাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ জোৱান ৰবেন দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, আজি দুপৰীয়া ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত এটা দলৰ বিৰুদ্ধে মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তত নিয়োজিত অসম আৰক্ষীৰ পহৰাদাৰী এটা গোটে এক শক্তিশালী অভিযান চলাইছিল আৰু এই অভিযানত গৰুৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত দলটোক অনুসৰণ কৰি থাকোতে দুৰ্ভাগ্যবশত এটা পুখুৰীত পিছল খাই পৰি আৰক্ষী কনিষ্টবল ৰবেন দাসে শোকাৱহ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল।

মুখ্য মন্ত্ৰীয়ে এই ঘটনাৰ পাছতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিহত আৰক্ষী জোৱানগৰাকীৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাথিনাপুৰস্থিত গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে মৃত আৰক্ষী জোৱানগৰাকীৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰীয়ে লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক মৃত আৰক্ষী জোৱানগৰাকীৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ বাবেও নিৰ্দেশ দিয়ে।