NORTHEAST NOW (Assamese)

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 6, 2021 6:50 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে অসমত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো নিয়ন্ত্ৰণাধীন হৈ আছে।

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰে ৰাজ্যখনত কোভিডত প্ৰাণ হেৰুৱাইছিল গৰাকী লোকে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০১গৰাকী লোক।

এই সময়ছোৱাত ১৬,০০০টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

Also Read: অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫৬ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৬৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুন আশংকাৰ সৃষ্টি হৈছে।

ইপিনে, অ’মিক্ৰণৰ আতংকৰ মাজতে অসম চৰকাৰে দেওবাৰে কোভিডৰ নতুন SOP জাৰি কৰিছে।

এই এছঅ‘পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কৱাৰেণ্টিনত থাকিব লাগিব।

Also Read:নাজিৰাত উৎকোচ লওঁতেই হাতে-লুটে আটক শিক্ষা বিষয়া

আনহাতে, ক’ভিড প’জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব।  বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক’ভিডৰ আৰটি পিচিআৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে।

বিমানবন্দৰত এই ক‘ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ’ব। অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব। 

Related News