NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

December 13, 2021 7:10 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update অ’মিক্ৰণৰ আশংকাৰ মাজতে অসমত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে থকাৰ লগতে দৈনিক সংক্ৰমণো নিম্নগামী হৈছে।

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৩৪গৰাকী লোক।

এই সময়ছোৱাত ২২,৮৪৬ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৮৬ গৰাকী লোক। সেইদৰে গৰাকী যোৰহাট, গৰাকী শোণিতপুৰত আৰু গৰাকী দৰঙত আক্ৰান্ত হৈছে।

ৰাজ্যত বৰ্তমান কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১২২গৰাকী ৰোগী।

দেওবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১১৯গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৯ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬শতাংশ।

দেশত কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে কোভিড প্ৰতিৰোধৰ বাবে সকলোকে মাস্ক পৰিধানকে ধৰি কোভিড বিধিসমূহ মানি চলাৰ পৰামৰ্শ দিছে।

Related News