NORTHEAST NOW (Assamese)

Covid Update: ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল ক’ভিদত,মৃত্যু কিমানৰ?

February 1, 2022 9:18 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত বিগত ২৪ ঘন্টাত ক’ভিদত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাটো আশাব্যঞ্জক বুলি ক’ব পাৰি। এই সময়ছোৱাত দৈনিক মৃত্যুৰ সংখ্যাও প্ৰায় একেই আছে।

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ আৰু সামান্য বৃদ্ধি পাইছে।

মঙ্গলবাৰে দিনটোত ৰাজ্যখনত মুঠ ১৪৮৬ গৰাকী লোক ক’ভিদ-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৩৪৩ গৰাকী লোক।

 

সোমবাৰে ৰাজ্যখনত মুঠ ৩৭,১৮০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়।

এই সময়ছোৱাত ৰাজ্যখনত পজিটিভিটিৰ হাৰ হৈছে ৪ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৬.২০ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২০ জন লোকৰ মৃত্যু ঘটিছে।

Related News