NORTHEAST NOW (Assamese)

Covid Update নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যত কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

January 2, 2022 6:57 am · এন ই নাও নিউজ, গুৱাহাটী

নৱবৰ্ষ প্ৰথমটো দিনত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈ থকাৰ লগতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে যদিও কামৰূপ মহানগৰ জিলাত সংক্ৰমণ বৃদ্ধিৰ আশংকাই দেখা দিছে।

শনিবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত এজন লোকে প্ৰাণ হেৰুওৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৫০গৰাকী লোক। শুকুৰবাৰে ৰাজ্যত আক্ৰান্ত হৈছিল মুঠ ১৯২গৰাকী লোক।

শনিবাৰৰ দিনটোত ১৯,৬০২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৭৬ গৰাকী লোক। শুকুৰবাৰে এই সংখ্যা আছিল মাত্ৰ ১০৫ গৰাকী।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৭৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

ইপিনে দেশত কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত অসমতো অ’মিক্ৰণৰ সংক্ৰমণৰ সন্ধান পোৱা গৈছে

ইপিনে, বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাইছে। 

Related News