NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

November 9, 2021 6:43 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update সোমবাৰৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে থকাৰ লগতে সুস্থতাৰ হাৰো আশাব্যঞ্জক বুলি ক’ব পাৰি।

ৰাজ্যখনত ২৪ ঘন্টাত সৰ্বমুঠ ৪৬,৬০৬ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ২৮০ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে।

কামৰূপ মেট্ৰ’ত এই দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৩৯ গৰাকী। তদুপৰি, ১৬গৰাকী যোৰহাটৰ, ১৪গৰাকী গোৱালপাৰাৰ আৰু ১৩গৰাকী কামৰূপ গ্ৰাম্যত আক্ৰান্ত হৈছে।

এতিয়ালৈকে ৰাজ্যত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১২৫৫১গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, সোমবাৰে কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৬০ শতাংশ।

সেইদৰে ৰাজ্যত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈ ৩ গৰাকী লোকৰ মৃত্যু হৈছে।  

সোমবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ২৪০গৰাকী লোক।

ৰাজ্যত কোভিডত ৰোগীৰ সুস্থতাৰ হাৰ হৈছে ৯৮.৪৮ শতাংশ।

বৰ্তমান ৰাজ্যত কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৩৯গৰাকী ৰোগী।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নুই কৰি আহিছে। 

Related News