NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত মৃত্যু কিমানৰ?

September 9, 2021 9:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ তলতে আছে।

অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যখনত যথেষ্ট হ্ৰাস পাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৪৩৭ গৰাকী লোক।

আজি ৰাজ্যখনত মুঠতে ৭৯,২৪৫ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৭১ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৫ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৭.৯৯ শতাংশ।

বৰ্তমান ৰাজ্যখনত কোভিড বিধি বহুখিনি শিথিল কৰি দিয়া হৈছে আৰু জনসাধাৰণক বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত বা নিজৰ নিজৰ কৰ্মত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অনুমোদন দিয়া হৈছে।

অৱশ্যে, তাৰ মাজতো কোভিড বিধি মানি চলাটো বাধ্যতামূলক। নিজৰ কৰ্মক্ষেত্ৰতে হওক বা ৰাজহুৱা স্থানতেই হওক মাস্ক পৰিধান, ছেনিটাইজ কৰা বা সমাজিক দূৰত্ব বিধি মানি চলাৰ বাবে পৰামৰ্শ দিয়া হৈছে।

Related News