NORTHEAST NOW (Assamese)

ৰাজ্যত ৫০ৰো অধিক কৰোনাক্ৰান্তৰ মৃত্যু; ৫ হাজাৰো অধিক লোক কৰোনাত আক্ৰান্ত

May 8, 2021 9:07 pm · এন ই নাও নিউজ
Updated: May 8, 2021 9:12 pm
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত ক্ৰমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড পৰিস্থিতিয়ে।

যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৫০ গৰাকীৰো অধিক কৰোনাক্ৰান্তৰ মৃত্যু ঘটিছে আৰু ৫ হাজাৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈছে।

শনিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি ৫০ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছে।

আনহাতে যোৱা ২৪ ঘণ্টাত ৬৫,১৪০ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ অন্তত ৫,৭৫৬ গৰাকী লোক কৰোনাত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে।

ইফালে এই সময়ছোৱাত মহানগৰ জিলাত ১,৫৪৩ গৰাকী লোকৰ শৰীৰত কোভিড১৯ৰ অৱস্থিতি ধৰা পৰিছে।

মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত কোভিডত আক্ৰান্তৰ হাৰ হৈছে ৮.৮৪ শতাংশ। ইয়াৰ বিপৰীতে সুস্থ হৈ উঠাৰ হাৰ হৈছে ৮৬.২৪ শতাংশ।

উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত ৪ লাখ লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২.১৮ কোটিলৈ।

ইয়াৰ ভিতৰত ৩৭ লাখ আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১.৭৯ কোটি আক্ৰান্ত কৰোনাৰ পৰা সুস্থ হৈ উঠিছে।

যোৱা ২৪ ঘণ্টাত দেশত ৪,১৮৭ গৰাকী আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২.৩৮ লাখ কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

Related News