NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? কিমানৰ মৃত্যু?

December 27, 2021 6:57 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই আছে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে যদিও দেশত অ’মিক্ৰণৰ সংক্ৰমণক লৈ অসমতো শংকাৰ সৃষ্টি হৈছে।  

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত কোনো এজন লোকে প্ৰাণ হেৰুৱাইছে

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৫ গৰাকী লোক। শনিবাৰে ৰাজ্যত মুঠ ৫৬গৰাকী লোক আক্ৰান্ত হৈছিল।

দেওবাৰৰ দিনটোত ,৭৪৬ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৩৬ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬৭ শতাংশ।

ইপিনে দেশত কোভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও অসমত এতিয়ালৈ অ’মিক্ৰণ আক্ৰান্তৰ সন্ধান পোৱা হোৱা নাই।

তাৰ মাজতে স্বাস্থ্যবিভাগে ৰাজ্যত নতুন SOPঘোষণা কৰিছে। সেই অনুসৰি, দেওবাৰৰ পৰা নিশা ১১-৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলবৎ আছে

নিশা ১০-৩০ বজাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। ৩১ ডিচেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে।

সেইদৰে.হোটেল, ধাবা সমূহ নিশা দহ বজাৰ পাছত বন্ধ হ’ব। ৫০% দৰ্শকেৰে চিনেমা হল চলিব।

বিশেষজ্ঞসকলে কোভিডৰ তৃতীয় লহৰৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক কোভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনাই আহিছে। 

Related News