NORTHEAST NOW (Assamese)

ডাঙৰ খবৰ! মঙলবাৰে নতুনকৈ ৫৭২ গৰাকী আক্ৰান্ত, ইয়াৰে গুৱাহাটীৰ ৩৮০ গৰাকী

July 1, 2020 7:07 am · কল্পজ্যোতি শইকীয়া
Updated: July 1, 2020 7:10 am

ৰাজ্যত মঙলবাৰৰ দিনটোত সৰ্বাধিক ৫৭২ গৰাকী লোক একেলগে ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে গুৱাহাটীৰ ৩৮০ গৰাকী লোক আক্ৰান্ত হৈছে।

ৰাজ্যত ৮৪০৭ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

অসমত ৫৬৪৭ জন ব্যক্তি এই পৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৭৪৫ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ১৭০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

মঙলবাৰৰ দিনটোত মুঠ ৬১৩ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

দিনৰ ভাগত ৪১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল। ইয়াৰে শোণিতপুৰ জিলাৰ ১৮ গৰাকী, যোৰহাটৰ ৬ গৰাকী, কামৰূপ মেট্ৰোৰ ৫ গৰাকী, তিনিগৰাকী লখিমপুৰ, নগাওঁৰ তিনিগৰাকী, বৰপেটাৰ তিনিগৰাকী, দুগৰাকী কাৰ্বিআংলংৰ আৰু এগৰাকী ধেমাজিৰ আছিল।

সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীত ১৭২ গৰাকী আক্ৰান্ত হৈছিল।

গুৱাহাটীক বাদ কৰি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাছিল স্বাস্থ্য মন্ত্ৰীয়ে।

যোৱা ২৭ জুনত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ  বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Related News