NORTHEAST NOW (Assamese)

Covid Update: অসমতো কৰ’নাৰ ৰঙা চকু! ২৪ ঘন্টাতে আক্ৰান্ত প্ৰায় ৭হাজাৰ; ১১গৰাকীৰ মৃত্যু

January 18, 2022 6:59 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ লগতে অসমতো কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণে প্ৰবল উদ্বেগৰ সৃষ্টি কৰিছে। ভোগালী বিহু উদযাপনৰ পাছতে ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ প্ৰায় ১১ শতাংশলৈ বৃদ্ধি পাইছে।  

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ মাজতে সোমবাৰে মুঠ ৬৯৮২গৰাকী লোক আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোত মুঠ ২৭০৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৪৯১গৰাকী লোক।

ইপিনে, সোমবাৰৰ দিনটোত ৰাজ্যত কোভিডত ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৬৪,৯১৯ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ১০.৭৫ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৫.১৮ শতাংশ।

Related News