NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2022 7:05 am
WhatsApp Image 2021-12-26 at 7.19.51 AM

দেশত দ্ৰুতভাৱে কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত অসমতো কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে

ৰাজ্যখনত পজিটিভিটিৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পোৱাটো স্বাভাৱিকতে উদ্বেগৰ কাৰণ হৈ পৰিছে।

দেওবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৯৮৮ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে আক্ৰান্ত হৈছিল মুঠ ১২৫৪ গৰাকী লোক।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৪৯০গৰাকী লোক। পূৰ্বৰ দিনটোত এই জিলাত আক্ৰান্ত হৈছিল ৪৭২গৰাকী লোক।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ১৫, ২৩৮ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

আনহাতে, দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ জন লোকৰ মৃত্যু হৈছে।

ৰাজ্যত বৰ্তমান কোভিড আক্ৰান্তৰ  সুস্থতাৰ হাৰ হৈছে ৯.৯৯ শতাংশ।

উল্লেখ্য যে ৰাজ্যত বৰ্তমানলৈকে সৰ্বমুঠ নজনকৈ লোক অমিক্ৰনত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে।

ইপিনে, ৰাজ্যত নতুন কোভিড বিধি বলবৎ হৈছে। সেই অনুসৰি ৰাজ্যত শনিবাৰৰ পৰা নিশা ১০ বজা-পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।

বিদ্যালয় আদি বন্ধ ৰখাৰ ক্ষেত্ৰতো নতুন কোভিধ বিধিত কেইবাটাও নিৰ্দেশনা দিয়া হৈছে।