NORTHEAST NOW (Assamese)

অৰুণাচলত অসম ৰাইফলছ- NSCN(IM) ৰ সংঘৰ্ষ; দুই উগ্ৰপন্থী সদস্য নিহত

March 21, 2022 7:33 am · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশত পুনৰ অসম ৰাইফলছ আৰু উগ্ৰপন্থী মাজত এক ভয়াৱহ সংঘৰ্ষ সংঘটিত হৈছে। দেওবাৰে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ খুনচাৰ কোলাগাৱ অঞ্চলত ছয় নং অসম ৰাইফলছ আৰু NSCN(IM) মাজত হয় তুমুল সংঘৰ্ষ।

সংঘৰ্ষত NSCN(IM) ৰ দুগৰাকী কেডাৰ নিহত হোৱাৰ লগতে আন এগৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

সেনা আৰু বিদ্ৰোহী সংগঠনটোৰ সংঘৰ্ষৰ মাজতে এগৰাকী স্থানীয় লোকো আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

সংঘৰ্ষ স্থলীৰ পৰা অসম ৰাইফলছে তিনিটা ৰাইফলসহ সজীৱ গুলি উদ্ধাৰ কৰিছে।

বৰ্তমানেও উক্ত অঞ্চলত অসম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।

Related News