খিলঞ্জীয়া ভাষাৰ জ্ঞান নথকা প্ৰাৰ্থীক ৰে’লৱেত নিযুক্তি দিয়া বন্ধ কৰাৰ আহ্বান অসম সাহিত্য সভাৰ
ৰাজ্যত অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনো প্ৰাৰ্থীক উত্তৰ-পূৱ ৰে’লৱেৰ চাকৰিত যাতে নিযুক্তি দিয়া নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক আহ্বান জনাইছে। আজি বিয়লি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এটা সঁজাতি দল গুৱাহাটী মালিগাঁওস্থিত কাৰ্যালয়লৈ গৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়ক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰি এই সন্দৰ্ভত সাহিত্য সভাৰ ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে।
স্মাৰক পত্ৰখনত সভাই স্পষ্ট কৰি কয় যে-ৰে’লৱেৰ সকলোধৰণৰ নিয়োগৰ পৰীক্ষাত অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰস্তুত কৰিবই লাগিব। এক সুদীৰ্ঘ পৰিক্ৰমাত ৰে’লৱেয়ে এই ক্ষেত্ৰত নূন্যতম কামিখিনি কাৰ্যকৰী নকৰাত সভাই আক্ষেপ প্ৰকাশ কৰে। সভাই আগন্তুক নিযুক্তি পৰ্বত এই গুৰুত্বপূৰ্ণ কামখিনি কাৰ্য্যকৰী কৰিবৰ বাবে আজি মহাপ্ৰৱন্ধকক মুকলি আহ্বান জনায়।
আনহাতে, সাহিত্য সভাই অসমৰ বিভিন্ন জাতীয় অনুষ্ঠান তথা খিলঞ্জীয়া ভাষাৰ সংৰক্ষণ-সংবৰ্ধনৰ বাবে এলানি প্ৰস্তাৱ আৰু পৰামৰ্শ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক প্ৰদান কৰি কয়-উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ দৰে গুৰুত্বপূৰ্ণ বিভাগে ১৯৬০ চনৰ ভাষা আইন যথাযথভাৱে প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী। সভাই আগন্তুক তিনিমাহৰ ভিতৰত ইয়াৰ যথাযথ প্ৰয়োগ নিশ্চিত কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।
উল্লেখযোগ্য যে, সভাই আজি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিযুক্তি পৰীক্ষাত অসম চৰকাৰৰ ভাষা-নীতি অনুসৰি প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈও দাবী জনায়। সভাৰ মত-উত্তৰ-পূৱ ৰে’লৱেৰ পৰীক্ষাত যিহেতু ইংৰাজী ভাষাজ্ঞান বাধ্যতামূলক, ঠিক সেইদৰে শতাংশ হিচাপ কৰি হ’লেও অসমীয়া ভাষা আৰু অন্যান্য খিলঞ্জীয়া ভাষাজ্ঞান বাধ্যতামূলক কৰিব লাগিব।
অসম সাহিত্য সভাই ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীক অসমীয়া ভাষা শিক্ষণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে।আনহাতে, সভাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ কাৰ্যালয়ৰ কাম-কাজত অসমীয়া ভাষা প্ৰয়োগো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
আজিৰ আলোচনাত সাহিত্য সভাৰ সভাপতিৰ লগতে প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবণীমোহন চহৰীয়া, ধনভঁড়ালী কনক কুমাৰ বৰা, ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে দাসো কলিতা, কিশোৰ কুমাৰ জৈন, প্ৰফুল্ল বৰ্মন আৰু হৰেন্দ্ৰ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে ৰে’লৱেৰ হৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়, অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাধে ৰমন, উপ-মহাপ্ৰৱন্ধক বনিফেছ লাক্ৰা, মুখ্য ব্যক্তিগত বিষয়া দীপক গেব্ৰিয়েল, মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাও উপস্থিত থাকে।