NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট অভিনেত্ৰী বিনা বৰা দাসক অসম সাহিত্য সভাৰ সম্বৰ্ধনা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 3, 2019 10:53 am
বিশিষ্ট অভিনেত্ৰী বিনা বৰা দাসক অসম সাহিত্য সভাৰ সম্বৰ্ধনা

অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ পৰিমণ্ডলৰ সৈতে মৈত্ৰি বন্ধন সমিতিয়ে কালি ২ অক্টোবৰত এসময়ত বহু নাটকত বলিষ্ঠ অভিনয় কৰা বিনা বৰা দাসক তেওঁৰ বৰপেটাৰ মেটুৱা কুচিস্থিত বাসভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম সাহিত্য সভাৰ হৈ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাই অভিনেত্ৰী গৰাকীক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতিত অৰিহণা যোগোৱা প্ৰতিজন ব্যক্তিৰ অৱদানক নূন্যতম স্বীকৃতি দিয়াৰ বাবে সাহিত্য সভাৰ এক প্ৰয়াস বুলি শৰ্মাই কয়।

আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি বিনা বৰা দাসে অভিভূত হৈ পৰে আৰু তেওঁক এনেদৰে স্বীকৃতি দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। নটসূৰ্য ফণী শৰ্মাৰ সৈতে ছিৰাজ নাট মঞ্চস্থ কৰা আদি বহু কথা মনত পেলাই বিশিষ্ট অভিনেত্ৰী গৰাকী আবেগিক হৈ পৰে।

সম্বৰ্ধনা অনুষ্ঠানত সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক মনিক আহমেদ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোবিন্দ তালুকদাৰ, বৰপেটা শাখা সাহিত্য সভাৰ সভাপতি উদ্ধৱ দাস আদি কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে।