NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা টীয়কৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তৰ

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক February 29, 2020 10:43 am
Assam Science teacher

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT-ৰ উদ্যোগত কেৰালাৰ ক’চিনত অনুষ্ঠিত হোৱা ২৪ সংখ্যক সৰ্বভাৰতীয় শৈক্ষিক দৃশ্য-শ্ৰাব্য সমাৰোহত অংশগ্ৰহণ কৰি শ্ৰাব্য শিতানত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ  টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তই।

বিগত ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দেশৰ ৫০০ৰো অধিক শিক্ষক প্ৰতিযোগীয়ে।

টীয়ক বনাই তুলসীজানৰ অৱসৰপ্ৰাপ্ত শিক্ষক লীলা দত্ত আৰু ৰীণা দত্তৰ কনিষ্ঠ পুত্ৰ কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আহমেদাবাদত আয়োজন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত গৱেষণা পত্ৰৰ বাবে পুৰস্কাৰ, মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয় আৰু ইউনেস্ক’ই আয়োজন কৰা অনুষ্ঠানত গৱেষণা পত্ৰৰ বাবে পুৰস্কাৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

আনহাতে, কৃতি কংকন কিশোৰ দত্তই শিক্ষক দিৱসত অসমৰ মুখ্য মন্ত্ৰীৰ বিশেষ ৰাজ্যিক বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল।

শিক্ষক কংকন কিশোৰ দত্তৰ সাফল্যত টীয়কৰ শৈক্ষিক মহলে অভিনন্দন জ্ঞাপন কৰিছে।