NORTHEAST NOW (Assamese)

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

May 10, 2025 2:31 pm · এন ই নাও নিউজ, গুৱাহাটী


ভাৰত-পাকিস্তানৰ মাজত চলা যুদ্ধ উত্তেজন আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণৰ এই পৰিস্থিতিত ৰাজ্যৰ বাহিৰত অধ্যয়নৰ কৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে চৌবিশ ঘন্টাৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম চৰকাৰে।

বহিঃৰাজ্যত অধ্যয়তৰত শিক্ষাৰ্থীসকলে এই হেল্প লাইন নম্বৰত ফোন কৰিলে যিকোনো বিপদত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম ভৱনে। এই হেল্পলাইন নম্বৰত ফোন কৰিলে বিষয়াসকলে সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু ২৪ ঘণ্টাই প্ৰয়োজনীয় সহায় আগবঢ়াব।

চৰকাৰে মুকলি কৰা হেল্পলাইন নম্বৰসমূহ হৈছে – ৯৮৭৪৩৫৫৩০৫, ৰানাদীপ কুমাৰ বান্ধ, এচিএছ, যুটীয়া সম্পাদক, জিএডি এণ্ড অএছডি, অসম ভৱন, নতুন দিল্লী। ৮৯২০৫৭০৫০৭, বিনোদ কলিতা, হাউছ মেনেজাৰ, অসম ভৱন, নতুন দিল্লী।

লগতে জৰুৰীকালীন হেল্পলাইন নম্বৰ ০১১-২৩০১০২৯৮ / ২৬৮৭৭১১১ মুকলি কৰা হৈছে।

Related News