NORTHEAST NOW (Assamese)

অপৰাধ শাখাৰ পৰা CID জিম্মালৈ প্ৰেৰণ দিবন ডেকাক

October 6, 2020 4:26 pm · কল্পজ্যোতি শইকীয়া

CID য়ে জিম্মাত ল’লে SI নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকাক।

CID য়ে ৭ দিনৰ বাবে বিচাৰিছিল যদিও ৬ দিনৰ বাবে জিম্মাত দিয়ে আদালতে।

CID ত অসম আৰক্ষীয়ে ২১/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(B)/৪০৯ আৰু RW ৬৬(B) ত এক গোচৰ ৰুজু কৰিছিল।

আৰক্ষী অপৰাধ শাখাই যোৱা ১ অক্টোবৰৰ দিনা নিজৰ জিম্মাত ৰাখি সোধা-পোচা কৰি আজি পুনৰ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়।

গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত ৩০ চেপ্টেম্বৰৰ নিশা প্ৰায় ১২ বজাত পাটচাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে বিজেপি নেতা দিবন ডেকাক।

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পাছতে দিবনে এক ফেচবুক পোষ্টযোগে আৰক্ষীৰ উচ্চ পদস্ত বিষয়া এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।

দিবন ডেকাৰ বিৰুদ্ধে একোখন প্ৰশ্নকাকত এক লাখ টকা ধনৰ বিনিময়ত কিছু সংখ্যক পৰীক্ষাৰ্থীৰ মাজত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।

Related News