NORTHEAST NOW (Assamese)

অজুহাত! : SI কেলেংকাৰিৰ অন্য এক মূল অভিযুক্ত অক্ষয় চান্দক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল CID

October 14, 2020 2:30 pm · কল্পজ্যোতি শইকীয়া

SI কেলেংকাৰিত অভিযুক্ত অক্ষয় টেলি কমিউনিকেশ্যনৰ মুৰব্বী অক্ষয় চান্দ বৈদ্যক আজি CID য়ে মাৰোৱাৰী মেটাৰনিটি হাস্পতালৰ পৰাই পোনে পোনে গ্ৰেপ্তাৰ কৰাৰ কথা আছিল।

কিন্তু আজি চিকিৎসালয়খনত মূৰ ঘুৰাই পৰাৰ ফলত তেওঁ মূৰত আঘাত পায়। সেয়েহে পুনৰ তেওঁক চিকিৎসালয়তে সুস্থ নোহোৱা পৰ্যন্ত চিকিৎসাধীন হৈ থাকিব। হাস্পাতালখনৰ পৰিচালন সঞ্চালক অনিল কুমাৰ কলিতাই এই কথা জানিবলৈ দিয়ে ।

‘তেওঁ পিছলি পৰাৰ কাৰণটো অলপ তদন্ত কৰিবলগীয়া আছে। কালি CID য়ে আমালৈ এখন চিঠি লিখিছিল যে আজি কিমান সময়ত অক্ষয় চান্দক ৰিলিজ দিব পাৰিব। আমি চিঠিৰ উত্তৰত লিখিছিলো যে আজি আগবেলাৰ ভিতৰত আমি তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিব পাৰিম। কিন্তু আজি পুনৰ ৰিলিজ দিব নোৱাৰিম বুলি CID লৈ চিঠি লিখিবলগীয়া হ’ল কিয়নো তেওঁ মূৰ আৰু ভৰিত কিমান আঘাত পাইছে সেয়া চিটিস্কেন এখন কৰিব লাগিব বা তদন্ত কৰিব লাগিব।‘ সংবাদমাধ্যমৰ আগত এইদৰে কয় অনিল কুমাৰ কলিতাই।

উল্লেখযোগ্য যে, যোৱা সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বমি আৰু ভৰিৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল অক্ষয় চান্দ বৈদ্য। তেওঁ মধুমেহ ৰোগত আক্ৰান্ত বুলিও চিকিৎসকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, SI কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শনিবাৰে অক্ষয় চান্দৰ বঙাইগাঁৱৰ বাসগৃহত চিআইডিয়ে তদন্ত চলাইছিল। কিন্তু তাৰ কেইঘন্টামান পাছতে দেওবাৰে পুৱতি নিশা ৰহস্যজনকভাৱে বিতৰ্কিত ব্যৱসায়ীজনৰ গুদামঘৰত অগ্নিকাণ্ড সংঘটিত হয়।

অভিযোগ উঠিছে যে SI কেলেংকাৰীৰ নথি-পত্ৰ বা প্ৰমাণ নষ্ট কৰাৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰিছিল অক্ষয় চান্দে নিজে।

এতিয়া সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Related News