NORTHEAST NOW (Assamese)
Popular Stories

আকৌ বিজেপিলৈ “শিল্পী”ৰ সোঁত; বহুকেইগৰাকীয়ে পিন্ধিলে গেৰুৱা সাজ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 21, 2020 4:24 pm

কিছুদিন বিৰতিৰ মূৰত পুনৰ বিজেপিলৈ বৈছে নিজকে শিল্পী বুলি পৰিচয় দিয়া গায়ক, অভিনেতা তথা সাংস্কৃতিক কৰ্মীৰ।

আজি শেহতীয়াকৈ বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধে “কণ্ঠশিল্পী” কল্লোল বৰঠাকুৰে।

কিছুদিন পূৰ্বলৈকে ৰাজনীতিত যোগদান নকৰাৰ ইংগিত দি থকা কল্লোলে আজি হঠাৎ বিজেপিত যোগদান কৰা বিষয়টোৱে সকলোকে আচম্বিত কৰি তুলিছে।

কল্লোলৰ লগতে সংগীত পৰিচালক বিমান বৰুৱাকে ধৰি মুঠ ১১ গৰাকী সাংস্কৃতিক কৰ্মীয়ে বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ মূহুৰ্তত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ। ফটো : নৰ্থ-ইষ্ট নাও

সংগীত ব্যৱস্থাপক জয়ন্ত কুমাৰ শৰ্মা, অভিনেতা- পৰিচালক বণজিৎ শৰ্মা, অভিনেতা কৌশিক শৰ্মা, সংগীত ব্যৱস্থাপক ভৱজ্যােতি দাস, লোকবাদ্য শিল্পী নিকুঞ্জ মেধি, বাদ্য শিল্পী জগদীশ শৰ্মা, সংগীত শিক্ষক বুলুমনি গোস্বামী , ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ মিশ্ৰ, ব্যৱসায়ী চিৰঞ্জিৎ বৰপূজাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰিছে বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

তেওঁ আৰু কয় “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোণোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱাৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে অসমৰ কেইবাগৰাকী শিল্পী আৰু ভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত কেইবাগৰাকী ব্যক্তিয়ে।”

“প্ৰতিজনে নিঃস্বাৰ্থ ভাবে দলীয় আৰ্দশ সৰোগত কৰি দল আৰু সমাজৰ সেৱা কৰি যাব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ।” দাসে লগতে কয়।

যোগদানকাৰীসকলক দলৰ মজিয়ালৈ আদৰণি জনায় সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাই।