NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীক সাক্ষাৎ কৰিব এছ আই টিৰ দলে

October 16, 2025 3:43 pm · এন ই নাও নিউজ, গুৱাহাটী

কিংবদন্তি সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চলি থকা তদন্তৰ অংশ হিচাপে অহা ২১ অক্টোবৰত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না গুপ্তাৰ নেতৃত্বত অসম বিশেষ তদন্তকাৰী দলে ছিংগাপুৰ আৰক্ষীক সাক্ষাৎ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা নিশ্চিত কৰি কয় যে এছ আই টিৰ দলটোৱে এদিন আগতে, ২০ অক্টোবৰত ছিংগাপুৰলৈ যাত্ৰা কৰিব।

তেওঁ লিখিছে, “আমাৰ প্ৰিয় জুবিনৰ ন্যায়ৰ দিশত আন এক পদক্ষেপ। ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই ২১ অক্টোবৰত এডিজিপি তথা এছআইটিৰ মুৰব্বী মুন্না গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ দলটোক সাক্ষাৎ কৰিব। সেই অনুসৰি আমাৰ দলটোৱে ২০ অক্টোবৰত ছিংগাপুৰলৈ যাত্ৰা কৰিব। আমাৰ সামূহিক সংকল্প অটুট আছে — জুবিনৰ বাবে ন্যায়ে প্ৰাধান্য পাব।’

নতুন দিল্লীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ছিংগাপুৰৰ উচ্চায়ুক্ত এলিছ চেঙক সাক্ষাৎ কৰাৰ এদিন পিছতে এই ঘোষণা কৰা হৈছে। বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয় যে আগন্তুক বৈঠকৰ বাবে ছিংগাপুৰে বিষয়াসকলৰ নাম আৰু আলোচনাৰ পইন্ট বিচাৰিছে৷

তেওঁ কয়, ‘বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে ছিংগাপুৰ কৰ্তৃপক্ষক অৱগত কৰিছে যে অসম আৰক্ষীৰ দুজন বিষয়া অতি সোনকালে দ্বীপ ৰাষ্ট্ৰখনলৈ যাত্ৰা কৰিব।’

মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি দিয়ে যে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ছিংগাপুৰৰ সৈতে যৌথ তদন্ত আইনগতভাৱে অনুমোদিত নহয়। তেওঁ লগতে কয় যে ছিংগাপুৰে তদন্তৰ সুবিধাৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে, শিল্পীগৰাকীৰ অকাল মৃত্যুৰ সম্পূৰ্ণ আৰু স্বচ্ছ তদন্তৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে বুলি আশ্বাস দিয়ে।

Related News