NORTHEAST NOW (Assamese)

বিদায়, প্ৰিয় গোল্ডস্মিথ!

April 14, 2026 2:26 pm · পৰেশ মালাকাৰ
Updated: May 21, 2026 11:17 am

অমৃত কুমাৰ গোল্ডস্মিথ আৰু নাই। যোৱা কেইবছৰমান ধৰি তেওঁ অসুস্থ হৈ আছিল। যোৱা ১০ এপ্ৰিল নিশা তেওঁৰ দেহাৱসানৰ শোকাবহ খবৰটো আহিল। আমাৰ বন্ধুত্ব কেতিয়া আৰম্ভ হৈছিল মোৰ স্পষ্টকৈ মনত নাই, কিন্তু আমি একেলগে বহু গুৰুত্বপূৰ্ণ কাম কৰিছিলোঁ। বিশেষকৈ ২০১৪ চনত এক কৰ্তৃত্ববাদী শাসন ব্যৱস্থা গঢ় লৈ উঠাৰ পিছত, সমসাময়িক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ কাৰণে লোৱা বিভিন্ন উদ্যোগে আমাৰ সম্পৰ্ক অধিক দৃঢ় কৰিছিল। তাৰ আগতেও, যেতিয়াই কিবা এটা সামাজিক সংকট দেখা দিছিল, আমি একেলগে কিবা নহয় কিবা উদ্যোগ লৈছিলোঁ।

মোৰ মনত আছে- ২০১০ চনৰ ডিচেম্বৰৰ শেষৰ ফালে আৰু ২০১১ চনৰ জানুৱাৰীৰ আৰম্ভণিত পশ্চিম অসমৰ গোৱালপাৰা জিলা আৰু অসম-মেঘালয় সীমান্তত ৰাভা আৰু গাৰো সম্প্ৰদায়ৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। তেতিয়া, গোল্ডস্মিথ ডাঙৰীয়া আৰু মই আন কেইজনমানৰ সৈতে ক্ষতিগ্ৰস্ত এলেকাসমূহলৈ গৈছিলোঁ, ভুক্তভোগীসকলৰ সৈতে কথা পাতিছিলোঁ আৰু দুই সম্প্ৰদায়ৰ মাজত শান্তি কেনেকৈ ঘূৰাই আনিব পাৰি, সেই বিষয়ে চিন্তা কৰিছিলোঁ।

অসুস্থ হোৱাৰ আগতে গোল্ডস্মিথ খ্ৰীষ্টান সম্প্ৰদায়ৰ সকলো পক্ষক প্ৰতিনিধিত্ব কৰা ‘অল আছাম খ্ৰীষ্টান ফ’ৰাম’ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মোক ইয়াৰ শীৰ্ষস্থানীয় ব্যক্তিসকলৰ সৈতে চিনাকি কৰি দিছিল আৰু তেওঁৰ বাবেই গুৱাহাটীৰ প্ৰাক্তন আৰ্চবিশ্বপ, সন্মানীয় নব্বৈ ঊৰ্ধ্বৰ ফাদাৰ থমাছ মেনামপাৰাম্পিলৰ সৈতে মোৰ এক আন্তৰিক বন্ধুত্ব গঢ়ি উঠিছিল। ফাদাৰ থমাছ উত্তৰ-পূব ভাৰতৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ এগৰাকী বৰ প্ৰভাৱশালী লোক।

এবাৰ, ২০২১ চনত অসম বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে গুৱাহাটীত অসমৰ বিভিন্ন জিলাৰ খ্ৰীষ্টান ধৰ্মীয় নেতাসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল। সেই সভাখনলৈ ধৰ্মনিৰপেক্ষ আদৰ্শ আৰু সাংবিধানিক মূল্যবোধ ৰক্ষাৰ গুৰুত্বৰ বিষয়ে ভাষণ দিবলৈ গোল্ডস্মিথ ডাঙৰীয়াই মোক নিমন্ত্ৰণ জনাইছিল। সেইদিনা আমাৰ সংবিধানৰ মূল নীতিসমূহৰ বিষয়ে ফাদাৰ থমাছ মেনামপাৰাম্পিলৰ ভাষণটো শুনি মই অভিভূত হৈছিলোঁ। তেওঁৰ মৃদু অথচ দৃঢ় কণ্ঠস্বৰত এক আন্তৰিক বিশ্বাস আৰু নিষ্ঠা প্ৰতিধ্বনিত হৈছিল। গোল্ডস্মিথ ডাঙৰীয়াৰ বাবেই ফাদাৰ থমাছৰ সৈতে মোৰ এই বন্ধুত্ব সম্ভৱ হৈছিল।

গোল্ডস্মিথ ডাঙৰীয়াই ‘অসম নাগৰিক সমাজ’ত বিভিন্ন খ্ৰীষ্টান গোটক প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াৰ ‘কোৰ কমিটি’ৰ এজন মূল্যৱান সদস্য আছিল। কেইবছৰমান আগতে, ফাদাৰ থমাছৰ সৈতে নাগালেণ্ডত অনুষ্ঠিত এক শান্তি আলোচনালৈ গৈ থকা অৱস্থাতে তেখেত মগজুৰ তীব্ৰ ৰক্তক্ষৰণত (stroke) আক্ৰান্ত হয়। ইয়াৰ ফলত তেতিয়াৰে পৰা তেওঁ নিশ্চল হৈ ঘৰতে আৱদ্ধ হৈ পৰে— এগৰাকী অতি সক্ৰিয় ব্যক্তিৰ বাবে এয়া আছিল অত্যন্ত মৰ্মান্তিক ঘটনা।

অসুস্থ অৱস্থাতো মই মাজে মাজে তেওঁৰ সৈতে ফোনত কথা পাতিছিলোঁ। তেওঁ সদায় আন্তৰিকতাৰে সঁহাৰি দিছিল, “মালাকাৰ ডাঙৰীয়া, আপুনি কেনে আছে?” যোৱা ১১ মাৰ্চ, ২০২৫ তাৰিখে গুৱাহাটী বেপ্টিষ্ট চাৰ্চৰ প্ৰাক্তন পাষ্টৰ ৰেভাৰেণ্ড আজিজ-উল হকক সাক্ষাৎ কৰিবলৈ যাওঁতে মই গোল্ডস্মিথ ডাঙৰীয়াকো লগ পাইছিলোঁ। মোক দেখি তেওঁ কি ধুনীয়াকৈ হাঁহিছিল! কৈছিল— “আমি একেলগে কিমান কাম কৰিছিলোঁ, কিন্তু এতিয়া তেওঁলোকে মোক ঘৰৰ বাহিৰ হ’বলৈকে নিদিয়ে।” সেইটোৱেই আছিল আমাৰ শেষ দেখা।

আমাৰ সকলোৰে মনত আছে ২০১৯ চনৰ ২১ এপ্ৰিলত শ্ৰীলংকাত ইষ্টাৰ আক্ৰমণত প্ৰায় ২৭০ জন লোক নিহত হোৱাৰ কথা। তাৰ পিছতেই পাণবজাৰৰ গুৱাহাটী বেপ্টিষ্ট চাৰ্চত আয়োজন কৰা শোকাকুল প্ৰাৰ্থনা সভাখনৰ কথাও মোৰ আজি মনত পৰিছে। সেই অনুষ্ঠানত খ্ৰীষ্টান সম্প্ৰদায়ৰ বহুতো বিশিষ্ট নেতাই ভাষণ দিছিল আৰু ময়ো সমবেত ৰাইজক উদ্দেশ্যি দুষাৰ কৈছিলোঁ। আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিছিলোঁ আৰু এটা মমবাতি সমদলত অংশ লৈছিলোঁ। যেতিয়াই এনে দুৰ্ঘটনা ঘটিছিল, আমি তাৰ গৰিহণা দিছিলোঁ। কিন্তু গোল্ডস্মিথ ডাঙৰীয়াই সদায় নম্ৰভাৱে কৈছিল, “খ্ৰীষ্টান হিচাপে আমি কেৱল ভুক্তভোগীসকলৰ বাবেই নহয়, অপৰাধীসকলৰ বাবেও প্ৰাৰ্থনা কৰিব বিচাৰোঁ, যাতে তেওঁলোকৰ সুমতি হয় আৰু ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকে।” মই প্ৰায়ে ভাবিছিলোঁ যে প্ৰাৰ্থনাই কেনেকৈ এনে জঘন্য আক্ৰমণ ৰোধ কৰিব পাৰে? ইয়াক দমন কৰিবলৈ আমাক শক্তিশালী আৰু কঠোৰ প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন নাই নেকি? তাৎক্ষণিক অৰ্থত হয়তো মই ঠিকেই ভাবিছিলোঁ। কিন্তু, হিংসা শেষ কৰাৰ স্থায়ী সমাধান কি? স্থায়ী শান্তি কেৱল হৃদয়ৰ পৰিৱৰ্তনৰ জৰিয়তেহে সম্ভৱ— আৰু ইয়াতেই নিহিত আছে প্ৰাৰ্থনাৰ সেই গভীৰ প্ৰভাৱ, যিটো গোল্ডস্মিথে অন্তৰেৰে বিশ্বাস কৰিছিল।

প্ৰিয় গোল্ডস্মিথ, আপুনি সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। সমাজৰ যিকোনো সংকটে আমাক আপোনাৰ কথা মনত পেলাই দিব। বিদায়, প্ৰিয় বন্ধু!

Related News