NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 22, 2025 11:19 pm

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি কৰাৰ প্ৰসংগত সৰৱ হৈ পৰে জাতীয় যুৱ বাহিনী।

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সম্বোধন কৰা এক সংবাদ মেলত চৰকাৰক তীব্র কটাক্ষ কৰি জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক সুব্রত দত্তই কয় যে-চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি লব নোৱাৰি।

উল্লেখযোগ্য যে হঠাৎ যোৱা ২১ আগষ্ট, ২০২৫ তাৰিখে অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানৰ কেইবাটাও বিভাগৰ মাচুল ব্যাপক পৰিমাণে বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছিল। জেনেৰেল বেডৰ মাচুল ২০০ টকাৰ পৰা ১,৫০০ টকালৈ বৃদ্ধি কৰাৰ লগতে পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে। ছিংগল কেবিনৰ মাচুল ৩,০০০ টকাৰ পৰা ৪,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। চেয়াৰিং কেবিনৰ মাচুল ২,০০০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। আইচিইউৰ মাচুল ১,৫০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। তেজ পৰীক্ষাৰ মাচুল ১,২০০ টকাৰ পৰা ২,৪০০ টকালৈ বৃদ্ধি কৰা হৈছে। চিটিস্কেনৰ মাচুল ৪,৫০০ টকাৰ পৰা ৬,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে ৰোগী ভৰ্তি কৰাৰ সময়তেই আগধন হিচাপে দিব লাগিব ১০,০০০ টকা। ৰাইজক হিন্দু-মুছলমান তথা উচ্ছেদৰ ৰাজনীতিত ব্যস্ত ৰাখি চৰকাৰে এতিয়া এনেধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাত আমি আচৰিত নহয় উদ্বিগ্নতাও প্রকাশ কৰিছোঁ। যি সময়ত শিক্ষা, স্বাস্থ্য খণ্ডক সম্পূৰ্ণ বিনামূলীয়া কৰাৰ কথা আমি উল্লেখ কৰি আহিছো, সেই সময়ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যাপক মাচুল বৃদ্ধিৰ, যি সিদ্ধান্তই এতিয়া অসমৰ ৰাইজৰ মূৰত মাৰিছে মাধমাৰ। কৰ্কটৰ দৰে জটিল এটা ৰোগৰ লগত যুঁজি যুঁজি সর্বস্বান্ত হৈ পৰা দুখীয়া পৰিয়াল এটাৰ বাবে সম্ভৱ হবনে অসম ৰাজ্যিক কর্কট চিকিৎসালয়ত চিকিৎসা কৰাবলৈ। নে চিকিৎসা অবিহনেই মৃত্যুক আঁকোৱালি লব ৰোগীয়ে?

উল্লেখযোগ্য যে প্ৰতি বছৰে অসমৰ প্ৰায় ৫০,০০০ তকৈ অধিক লোক কেন্সাৰত আক্রান্ত হয়। প্রতি এক লাখ মানুহৰ বিপৰীতে ১১৪ জন মানুহ কেঞ্চাৰত আক্রান্ত হয় অসমত। তাৰে ব্যাপক সংখ্যক ৰোগীৰ বাবে এতিয়া একমাত্ৰ ভৰসা ৰাজ্যিক কর্কট প্রতিষ্ঠান। তেনেস্থলত ব্যক্তিগত চিকিৎসালয়ৰ দৰে মাচুল ধাৰ্য কৰি অসমৰ মানুহক কোন দিশে ঠেলি দিব খুজিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? ত গল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ ফুলজাৰি? কিয় অসমৰ ৰাইজক বিনামূলীয়া চিকিৎসা প্রদান কৰিবলৈ সমৰ্থ নহয় চৰকাৰ? গণতান্ত্রিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ এইয়াই নেকি অসমৰ ৰাইজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য? এই প্রশ্নৰ উত্তৰ দিয়ালৈ আমি বাট চাই ৰম। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক, অন্যথা অনাগত সময়ত জাতীয় যুৱ বাহিনী তথা ৰাইজৰ দলে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিব।

Related News