NORTHEAST NOW (Assamese)
অসম

২০১৮-১৯ বৰ্ষৰ বাবে সাংবাদিক পেঞ্চন ঘোষণা অসম চৰকাৰৰ

Posted by: উত্তম শইকীয়া August 13, 2018 8:02 pm
eb781a1b50f678acf9b49d4499a35319

৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত ২০১৮-১৯ বৰ্ষৰ বাবে ৰাজ্যখনৰ ২০ গৰাকী অৱসৰপ্রাপ্ত জ্যেষ্ঠ সাংবাদিকৰ নাম পেঞ্চনৰ বাবে ঘোষণা কৰিছে।

আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই সাংবাদিকসকল হৈছে ক্রমে- ৰীণা চৌধুৰী (কামৰূপ মহানগৰ), ৰূপহ চলিহা (তিনিচুকীয়া), নগেন বড়া (কাৰ্বি আংলং), অমিতাভ বৰুৱা (বিশ্বনাথ), বিনয় ভূষন চৌধুৰী (কোকৰাঝাৰ), হানূল ৰচিদ(উত্তৰ লক্ষীমপুৰ), প্রদীপ দত্ত (শিৱসাগৰ), মনোৰম বৰুৱা (যোৰহাট), নাউদত্ত তালুকদাৰ (নলবাৰী), মৃণাল মল্ল পাটোৱাৰী (বৰপেটা), জ্যোতিৰিন্দ্র লাল গোস্বামী (কৰিমগঞ্জ), ধনী বৰা (কামৰূপ মহানগৰ), উপেন চন্দ্ৰ ডেকা (মৰিগাঁও), অৰুণ লোচন দাস (কামৰূপ মহানগৰ), পৰেশ চন্দ্র দত্ত (কাচাৰ), প্রফুল্ল কুমাৰ শৰ্মা (ডিব্ৰুগড়), হেমন্ত বর্মন (কামৰূপ মহানগৰ), পার্থপ্রতীম বৰুৱা (কামৰূপ মহানগৰ), বেদব্রত লহকৰ (কামৰূপ মহানগৰ) আৰু মুকুল কলিতা (কামৰূপ মহানগৰ)।

উল্লেখযোগ্য যে বর্তমানৰ ৰাজ্যিক চৰকাৰে যোৱা ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ অৱসৰপ্রাপ্ত সাংবাদিকৰ বাবে সাংবাদিক পেঞ্চন আঁচনিখন ৰূপায়ন কৰিছে। আঁচনিখনৰ অধীনত সাংবাদিক সকলক প্রতিমাহে ৮০০০ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হ’ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ পাইছে।