NORTHEAST NOW (Assamese)

ৰাজহুৱা শক্তি বিতৰণ খণ্ডৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

October 20, 2020 6:02 pm · এন ই নাও নিউজ
ফটো-নৰ্থ-ইষ্ট নাও

অসম ৰাজ্যিক বিদ্যুৎ কৰ্মী পৰিষদে আজি কোকৰাঝাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অসম চৰকাৰে এ পি ডি এলক ব্যক্তিগতকৰণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অসম ৰাজ্যিক বিদ্যুৎ কৰ্মী পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শক্তিখণ্ডক ব্যক্তিগতকৰণ কৰা সিদ্ধান্তক ভয়াবহ আখ্যা দিয়ে।

প্ৰতিবাদকাৰী সকলে শক্তিখণ্ডক ব্যক্তিগতকৰণ কৰিলে ইয়াৰ ফলত গ্ৰাহক আৰু বৰ্তমানৰ কৰ্মীসকল অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব বুলিও লগতে কয়।

ৰাজহুৱা খণ্ডৰ শক্তি বিতৰণ খণ্ডক ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম ৰাজ্যিক বিদ্যুৎ কৰ্মী পৰিষদে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত আমাৰ দাবী মানিবলৈ লাগিব, এ পি ডি চি এলক বচাওঁক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Related News