NORTHEAST NOW (Assamese)
অসম

সুদূৰ বিৰচাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে উট পখী আৰু লাফিং হায়না

Posted by: এন ই নাও নিউজ November 26, 2018 10:41 pm

গুৱাহাটী মহানগৰস্থিত অসম ৰাজ্যিক চিৰিয়াখনালৈ সুদূৰ ৰাঁচিৰ পৰা জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাজেৰে এযোৰ উট পখী আৰু দুটাকৈ লাফিং হায়না অনা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাখনে জীৱ-জন্তুৰ বিনিময় ব্যৱস্থাৰ মাধ্যমেৰে এটা ঘোং আৰু তিনিটা নাহৰফুটুকীৰ বিনিময়ত ৰাঁচিৰ ভগৱান বিৰচা জ’ল’জিকেল উদ্যানৰ পৰা উট পখী আৰু লাফিং হায়না আনে বুলি চিৰিয়াখানাৰ এগৰাকী বিষয়াই মন্তব্য কৰে।

তাৰোপৰি বিষয়াগৰাকীয় উট পখী যোৰৰ মাইকী উট পখীটো ডেৰ বছৰীয়া আৰু আনটো দুবছৰীয়া হোৱাৰ উপৰি লাফিং হায়না কেইটা প্ৰায় ডেৰবছৰীয়া বয়সৰ হ’ব বুলি জানিবলৈ দিয়ে।

অসম ৰাজ্যিক চিৰিয়াখানাৰ জিলা বন বিষয়া টেজাছ মৰিস্বামীয়ে ৮ বছৰীয়া এটা ঘোং আৰু তিনিটা নাহৰফুটুকী বিৰচা চিৰিয়াখানালৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

লগতে এতিয়াৰে পৰা চিৰিয়াখানালৈ অহা দৰ্শনাৰ্থীয়ে উট পখী আৰু লাফিং হায়না দেখিবলৈ পাব বুলিও সাংবাদিকৰ আগত বিষয়া গৰাকীয়ে মন্তব্য কৰে।