NORTHEAST NOW (Assamese)
অসম

কাহিনী-চিত্ৰনাট্যৰ সৰ্বভাৰতীয় প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপ, বঁটা দিলে আমিৰ খানে

Posted by: এন ই নাও নিউজ November 26, 2018 10:31 pm
Rajdeep-Amir Khan

বলিউডৰ অাগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান চিনেস্তানৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত দেশ-বিদেশৰ সহস্ৰাধিক প্ৰতিযোগীক চেৰ পেলাই ৰাজ্যৰ জনপ্ৰিয় যুৱ নাট্যকাৰ-পৰিচালক ৰাজদ্বীপে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তুলিছে।

আজি নিশা মুম্বাইৰ জুহু বীচ্চস্থিত নভটেল হোটেলত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত প্ৰতিযোগিতাখনৰ শীৰ্ষৰ পাঁচগৰাকী বিজয়ীৰ নাম ঘোষণা কৰা হয়। য’ত প্ৰায় ৪০০০ প্ৰতিযোগীক চেৰ পেলাই ৰাজদ্বীপে চতুৰ্থস্থান দখল কৰে।

আমিৰ খানৰ লগতে ‘পিকে’, ‘মুন্নাভাই এম বি বি এছ’, ‘থ্ৰী ইডিয়টছ’ আদি ছবিৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী তথা চিত্ৰনাট্যকাৰ আঞ্জুম ৰাজাবালী আৰু জুহি চতুৰ্বেদী জুৰি হিচাপে থকা প্ৰতিযোগিতাখনত চতুৰ্থস্থান দখল কৰা ৰাজদ্বীপক ৪ লাখ টকাৰে পুৰস্কৃত কৰা হয়।

এই সাফল্যৰ বাবে আমিৰ খানে ৰাজদ্বীপক অভিনন্দন জনোৱাৰ লগতে তেওঁক বলিউডলৈ স্বাগতম জনায়।

উল্লেখযোগ্য যে ইতিপূৰ্বে ৰাজদ্বীপে বলিউডত কংকনা সেনশৰ্মাৰ ‘এ ডেথ ইন দ্য গাঞ্জ’ ছবিখনৰ ‘জিৰি জিৰি’ শীৰ্ষক গীতটোৰ লগতে অনুৰাগ বসু পৰিচালিত ‘জগ্গা জাছুছ’ৰ বহুচৰ্চিত বিহুগীতটো ৰচনা কৰিছিল।

২০১৩ চনত ভ্ৰাম্যমাণ থিয়েটাৰ জগতত সৰ্বকনিষ্ঠ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ৰাজদ্বীপৰ ২০১৫ চনত অশোক কুমাৰ বিষয়া পৰিচালিত তথা বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া অভিনীত ‘খেল-দ্য গেম’ নামৰ ছবিখনৰ জৰিয়তে কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া ছবিজগতত অভিষেক ঘটিছিল।

তদুপৰি গীতিকাৰ হিচাপে অসমৰ ছবি জগতত প্ৰতিষ্ঠা লাভ কৰা ৰাজদ্বীপে ‘দূৰণিৰ নিৰলা পঁজা’ৰ বাবে ২০১৭ চনত অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।